১৫ ছেপ্তেম্বৰ, গুৱাহাটী বিশ্ববিদ্যালয়ঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ০৮ ছেপ্টেম্বৰ , ২০২৩ তাৰিখে "গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা" ৰ্শীষক এখনি মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে “দ্যা আছাম ট্ৰিবিউন” বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা।
"গণ-সংযোগকাৰী ৰূপে ভূপেন হাজৰিকা" ৰ্শীষক অনুষ্ঠানত প্ৰশান্ত জ্যোতি বৰুৱাই বক্তব্য আগবঢ়াই ভূপেন হাজৰিকাৰ জীৱন-যোৰা সংগ্ৰাম আৰু অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেখেতৰ গীত সমূহ বঙালী, হিন্দী ভাষালৈ অনুবাদ কৰি ভাৰতৰ প্ৰতিটো প্ৰান্তলৈকে প্ৰচাৰৰ আঁৰৰ কথা সমূহ উল্লেখ কৰে । অসমত ভাষা আন্দোলনে গা কৰি উঠাৰ সময়ছোৱাত ৰাইজৰ মাজলৈ গৈ তেখেতৰ গীত সমূহৰ মাজেৰে অসমৰ জনগণক জাগ্ৰত কৰি তোলাৰ কথাও উল্লেখ কৰে।বৰুৱাদেৱে কিংবদন্তি শিল্পীগৰাকীৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ কথাই উল্লেখ কৰে আৰু তেখেতে কয় যে ' ভূপেন হাজৰিকাই গীত সমূহৰ দ্বাৰা জনসাধাৰণৰ বাবে এটি যুগসন্ধিৰ বাট মুকলি কৰি থৈ গৈছে । সেইবাবেই তেখেত এগৰাকী উল্লেখযোগ্য জণ-সংযোগকাৰী । '
অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী আৰু অতিথি পি.জে. বৰুৱাই। বিভাগৰ তৰফৰ পৰা মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে পি.জে. বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানৰ অংশ হিচাপে বিভাগৰ অতিথি অধ্যাপিকা মৌচুমী ভট্টাচাৰ্য্যৰ তত্ত্বাৱধানত আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীৰ সন্দৰ্ভত এখনি পুতলা নাচৰ দৃশ্য-শ্ৰাৱ্য প্ৰৰ্দশন কৰা হয় । অনুষ্ঠানত সংযুক্ত পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী তথা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী, পোষ্ট ডক্টৰেল গৱেষিকা অনুপা লহকৰ, সহকাৰী অধ্যাপকদ্বয় ড° বিষ্ণু শইকীয়া আৰু নিশান্ত শৰ্মা উপস্থিত থাকে।
-- সংগীতা বৰা

