গুৱাহাটী বিশ্ববিদ্যালয় চিকিৎসালয়

0

 

- আৰিফ হুছেইন মীৰ 



প্ৰগতিশীল চিন্তাৰে প্ৰতিষ্ঠা হোৱা উত্তৰ-পূব ভাৰতৰ  প্ৰথমখন বিশ্ববিদ্যালয় হোৱাৰ গৌৰৱৰে গৌৰৱান্বিত গুৱাহাটী বিশ্ববিদ্যালয় । গুৱাহাটী বিশ্ববদ্যালয়ৰ আন্তঃগাঁথনিৰ গঠন প্ৰণালী খুবেই ধুনীয়া , লগতে শিক্ষাগত  মানদণ্ড উন্নত হোৱাৰ বাবে প্ৰতিবছৰে হাজাৰজন নৱাগতৰ অযুত সপোন তথা আশাৰে বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ কৰে এক মৌন উচ্ছলতাই  । 

         নতুন প্ৰভাতৰ ৰ'দালিৰে গুৱাহাটী বিশ্ববিদ্যালয় নামৰ প্ৰৌঢ় গছজোপা সেউজীয়া কৰি তোলা ছাত্ৰ - ছাত্ৰী সকলে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোতে বিভিন্ন সমস্যাৰ সম্মুখীন হয় । তাৰ ভিতৰত অন্যতম স্বাস্থ্যজনিত সমস্যা।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এঠাইত যদি আন্ত:গাথনিৰ অভাৱ, আন এঠাইত আকৌ চিকিৎসক-নাৰ্ছৰ অভাৱ। মুঠতে বিশ্ববিদ্যালয়ৰ চিকিৎসালয় এখনত ছাত্র-ছাত্ৰীয়ে  পাব লগা প্ৰয়োজনীয় চিকিৎসা পোৱাতো এই বিশ্ববিদ্যালয়ৰ মুলুকত পৰ্বতত কাছ কণী বিচৰাৰ দৰে। এইখিনিতে এই কথাও উল্লেখ কৰিব লাগিব  যে অসমৰ ভিন্ন প্ৰান্তৰ হাজাৰজন তৰুণ-তৰুণী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাসিন্দা। তেওঁলোকেই আমাৰ দেশৰ ভৱিষ্যত। তেনে অৱস্থাত আমি কিমান ডাঠি ক'ব পাৰিম যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়,তেওঁলোকৰ সকলো স্বাস্থ্য সংক্রান্তীয় সমস্যা নিৰ্মূল কৰিবলৈ সক্ষম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ অৱস্থা নাজল নাথল নহ'লেও  চিকিৎসালয়ত লাভ কৰা সুবিধাবোৰতকৈ, লাভ নকৰা সুবিধাবোৰৰ সংখ্যাহে অধিক। বিশ্ববিদ্যালয়ৰ চিকিৎসা খণ্ডত ৰাজ্যৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত থাকিবলগীয়া প্ৰয়োজনীয় অথবা পৰ্যাপ্ত সুবিধা নাই বুলিবই পাৰি। ছাত্র-ছাত্ৰীৰ অনুপাতে চিকিৎসকৰ লগতে ঔষধ পাতি আৰু তৎকালীন  চিকিৎসা সেৱাৰ অভাৱ দেখা পাওঁ । আজি হঠাৎ যদি বিশ্ববিদ্যালয়ত অধ্যয়ণৰত এজন ছাত্ৰ বা ছাত্ৰীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে তেনেস্থলত মহানগৰীৰ ভয়ংকৰ ট্ৰেফিক অতিক্রম কৰি বিশ্ববিদ্যালয়ৰ চৌহদত  উন্নতমানৰ চিকিৎসাৰ সুবিধা নথকাৰ হেতুকে অন্য হস্পিতল এখনলৈ যাব লগা হ'ব। কিন্তু গন্তব্য স্থান পোৱালৈ হয়তু সেই ছাত্র বা ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ বিষম অৱনতি ঘটিব বা  সময়ত প্ৰয়োজনীয় চিকিৎসা নোপোৱাৰ অভাৱত সৰু স্বাস্থ্যজনিত সমস্যায়েও ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাবনা আছে। তাৰোপৰি বিশ্ববিদ্যালয়ৰ ফাৰ্মাচীত ভালেখিনি প্ৰয়োজনীয় ঔষধ নোপোৱাৰ ফলত ছাত্র-ছাত্ৰীবোৰ বিপাঙত পৰে। সৰু ঔষধ এটা আনিবলৈকে তেওঁলোক বিশ্ববিদ্যালয়ৰ কেম্পাচৰ বাহিৰলৈ যাব লগা হয়, যিটো সকলো ছাত্র-ছাত্ৰীৰ বাবে সকলো সময়ত সম্ভৱ নহ'বও পাৰে। আপোন বিশ্ববিদ্যালয় খনত যদিহে উপযুক্ত চিকিৎসাৰ অভাৱত হ'ব পৰা  অনাকাংখিত মৃত্যুৰ আশংকা  লৈ থাকিব লগা হয় তাতকৈ আৰু দুখ লগা কথা কি হ'ব পাৰে। যদি আমি আমাৰ ছাত্র-ছাত্ৰীখিনিকে আপাতকালীন উন্নত  চিকিৎসাৰ ভৰষা দিব নোৱাৰো তেনেহ'লে  চৰকাৰে বজোৱা স্বাস্থ্য খণ্ডৰ আমুল পৰিৱৰ্তনৰ ঢাক ঢোল বাস্তৱত অসাৰ। কাৰণ ৰাজ্যৰ প্ৰতিখন  বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত চিকিৎসালয়ৰো উন্নতিকৰণৰ  দায়িত্ব তেওঁলোকৰ আছে। 


           দেহা থাকিলেহে বেহা,আশাকৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ে অতি শীঘ্ৰে এই সমস্যাবোৰৰ সমাধানৰ বাবে এক সুপৰিকল্পিত নীতি গ্ৰহণ কৰি নিজৰ বহুবছৰীয়া গৰিমা অক্ষুন্ন ৰাখিব।

Tags

Post a Comment

0Comments
Post a Comment (0)